Assamese

অসমীয়া বিভাগ

Monisha Bora, M.A.

Department of Assamese

Arinita Bori, M.A., B.Ed.

Department of Assamese

এক স্বপ্নোজ্বল আশা বুকুত বান্ধি গোলাঘাট চহৰৰ মাজমজিয়াত ২০০৩ চনত প্ৰতিষ্ঠা হোৱা ৰিলায়েন্স মহাবিদ্যালয়, কনিষ্ঠই ইতিমধ্যে উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া তথা পৱিত্ৰ শিক্ষাক্ষেত্ৰ হিচাপে স্বীকৃত হৈছে । সময়ৰ বলুকাত সফলতাৰ চিহ্ন আঁকি আগুৱাই যাবলৈ সক্ষম হৈছে এই শিক্ষানুষ্ঠানৰ শত শত উজ্বল নক্ষত্ৰ স্বৰূপ শিক্ষাৰ্থীসকল । ই আমাৰ গৌৰৱ ।

সাম্প্ৰতিক দুঃসহ মুহূৰ্তত অসমীয়া জাতিৰ মেৰুদণ্ড হিচাপে গণ্য কৰা অসমীয়া ভাষাক সুস্থ সবল ৰূপত দাঙি ধৰিবলৈ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ সদায়ে দৃঢ়প্ৰতিজ্ঞ । সেয়ে চিৰ চেনেহী ভাষা জননীক জগত সভালৈ লৈ যাবলৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে যৎপৰোনাস্তি চেষ্টাৰ ক্ৰটি কৰা নাই । সেই সুন্দৰ ছবিখন প্ৰতিবছৰৰ ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যতাৰ ফলাফলে উজ্বল ৰূপত দাঙি ধৰিছে ।

আমি প্ৰতিক্ষণেই অনুভৱ কৰিছো আজিৰ নতুন পুৰুষ তীব্ৰ আস্থাহীনতা আৰু অনিশ্চয়তাত ভুগিছে । যুৱ সমাজৰ মাজত বৌদ্ধিক সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে । জ্ঞান, অভিজ্ঞতা, সৎসাহস, অফুৰন্ত কৰ্মস্পৃহাৰে নতুন পুৰুষে প্ৰকৃত সত্য উদ্ভাৱন কৰি নিজ পথত অগ্ৰসৰ হ’ব নোৱাৰিলে কাৰ্যক্ষেত্ৰত আগবাঢ়ি যোৱাতকৈ উজুটি খাই পৰাৰ সম্ভাৱনা প্ৰৱল । নৱ প্ৰজন্মক মগজুৰ কচৰৎৰ জৰিয়তে সত্য অনুধাৱন কৰাবলৈ মহাবিদ্যালয়খনৰ প্ৰতিজন শিক্ষকে মহৎ সংকল্প গ্ৰহণ কৰাটো অতি লক্ষণীয় ।