অসমীয়া বিভাগ

Bonti Kalita
Faculty Name: Bonti Kalita, M.A.
Phone No: 9435770136
E-Mail: bonti.kalita2106@gmail.com
Anmona Gogoi
Faculty Name: Anmona Gogoi, M.A.
Phone No: 9401153174
এক স্বপ্নোজ্বল আশা বুকুত বান্ধি গোলাঘাট চহৰৰ মাজমজিয়াত ২০০৩ চনত প্ৰতিষ্ঠা হোৱা ৰিলায়েন্স মহাবিদ্যালয়, কনিষ্ঠই ইতিমধ্যে উজনি অসমৰ উচ্চ শিক্ষাৰ বাটকটীয়া তথা পৱিত্ৰ শিক্ষাক্ষেত্ৰ হিচাপে স্বীকৃত হৈছে । সময়ৰ বলুকাত সফলতাৰ চিহ্ন আঁকি আগুৱাই যাবলৈ সক্ষম হৈছে এই শিক্ষানুষ্ঠানৰ শত শত উজ্বল নক্ষত্ৰ স্বৰূপ শিক্ষাৰ্থীসকল । ই আমাৰ গৌৰৱ ।
সাম্প্ৰতিক দুঃসহ মুহূৰ্তত অসমীয়া জাতিৰ মেৰুদণ্ড হিচাপে গণ্য কৰা অসমীয়া ভাষাক সুস্থ সবল ৰূপত দাঙি ধৰিবলৈ মহাবিদ্যালয়খনৰ অসমীয়া বিভাগ সদায়ে দৃঢ়প্ৰতিজ্ঞ । সেয়েচিৰ চেনেহী ভাষা জননীক জগত সভালৈ লৈ যাবলৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগে যৎপৰোনাস্তি চেষ্টাৰ ক্ৰটি কৰা নাই । সেই সুন্দৰ ছবিখন প্ৰতিবছৰৰ ছাত্ৰ ছাত্ৰীৰ কৃতকাৰ্যতাৰ ফলাফলে উজ্বল ৰূপত দাঙি ধৰিছে ।
আমি প্ৰতিক্ষণেই অনুভৱ কৰিছো আজিৰ নতুন পুৰুষ তীব্ৰ আস্থাহীনতা আৰু অনিশ্চয়তাত ভুগিছে । যুৱ সমাজৰ মাজত বৌদ্ধিক সংকটে তীব্ৰ ৰূপ ধাৰণ কৰিছে । জ্ঞান, অভিজ্ঞতা, সৎসাহস, অফুৰন্ত কৰ্মস্পৃহাৰে নতুন পুৰুষে প্ৰকৃত সত্য উদ্ভাৱন কৰি নিজ পথত অগ্ৰসৰ হ'ব নোৱাৰিলে কাৰ্যক্ষেত্ৰত আগবাঢ়ি যোৱাতকৈ উজুটি খাই পৰাৰ সম্ভাৱনা প্ৰৱল । নৱ প্ৰজন্মক মগজুৰ কচৰৎৰ জৰিয়তে সত্য অনুধাৱন কৰাবলৈ মহাবিদ্যালয়খনৰ প্ৰতিজন শিক্ষকে মহৎ সংকল্প গ্ৰহণ কৰাটো অতি লক্ষণীয় ।